top of page

ব্যৰ্থতাৰ ৭ বছৰ ! বিজেপি চৰকাৰৰ বিফলতাৰ খতিয়ান

Updated: May 11, 2023

জাতি ,মাটি,ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে 2016 চনত ক্ষমতালৈ অহা ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰে সাতটা বছৰ অতিক্ৰম কৰিলে | 2016 চনৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দলটিয়ে 2016-2025 বৰ্ষৰ বাবে দলীয় দৃষ্টিপত্ৰ বা ভিছন ডক্যুমেন্ট প্ৰকাশ কৰিছিল|এই দৃষ্টিপত্ৰত সৰ্বমুঠ 476 টা প্ৰতিশ্ৰুতি অসমৰ জনসাধাৰণক দিয়া হৈছিল যিসমূহ দহ বছৰৰ ভিতৰত বিজেপি চৰকাৰে সম্পূৰ্ণৰূপে পালন কৰিব|আজি সাতটা বছৰ উকলি গল,এতিয়ালৈ মাত্ৰ 120 টামান প্ৰতিশ্ৰুতিহে সম্পূৰ্ণৰূপে বা আংশিকভাবে কাৰ্যকৰী হল বাকী 356 টা প্ৰতিশ্ৰুতি দৃষ্টিপত্ৰতে সীমাবদ্ধ হৈ থাকি গল|সেই দিশৰ পৰা চৰকাৰ খনৰ প্ৰতিশ্ৰুতি পালনৰ হিচাপ হৈছে মাত্ৰ 23 শতাংশ | আজি সাত বছৰীয়া এই বৰ্ষপূৰ্তিৰ প্ৰাক ক্ষণত আমি আম আদমি পাৰ্টী অসমে বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ খতিয়ান দাঙি ধৰাৰ লগতে চৰকাৰখনে পিঠি দিয়া প্ৰতিশ্ৰুতিসমূহৰ ওপৰত আলোকপাত কৰিব বিচাৰিছো |


বিপন্ন অৰ্থনীতি,লোণ লৈ বিলাসিতা:

এখন ৰাজ্যই মেৰুদণ্ড পোণ কৰি চলিবলৈ হলে সেই ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি শক্তিশালী হব লাগিব| অসমৰ দৰে অনগ্ৰসৰ এখন ৰাজ্যক স্বনিৰ্ভৰশীল,উৎপাদনমুখী অৰ্থনীতি দিয়াৰ পৰিবৰ্তে বিজেপি চৰকাৰে লোণ লৈ বিলাসিতাত মগ্ন হৈছে|এটা কথা ঠিক ৰাজ্য এখনৰ মুঠ জিডিপিৰ 4শতাংশ পৰ্যন্ত চৰকাৰ এখনে লোণ হিচাপে লব পাৰে কিন্তু সেই লোণ উৎপাদনমুখী প্ৰকল্পতহে ব্যবহাৰ হব লাগে,অথচ বিজেপি চৰকাৰখনে আন্ত:গাঠনি নিৰ্মাণ আৰু লজ্জাজনকভাবে লোণৰ সূত দিবলৈ সেই ধণ ব্যবহাৰ কৰিছে | 2016 চনত এই চৰকাৰ শাসনলৈ অহাৰ সময়ত ৰাজ্যচৰকাৰৰ মুঠ লোণ আছিল 35,690 কোটি টকা আৰু আজিৰ তাৰিখত লোণ হৈছেগৈ 1,42,000 কোটি টকা,অৰ্থাৎ সাত বছৰত 4গুণ পৰ্যন্ত ধাৰৰ বোজা বৃদ্ধি পালে যাৰ ফলত জনমূৰি ধাৰৰ পৰিমাণ 40 হাজাৰ টকা অতিক্ৰম কৰিলেগৈ,ৰাজ্য চৰকাৰৰ মুঠ ব্যয়ৰ 18 শতাংশ আহি আছে ধাৰৰ পৰা | এই বৃহৎ ধাৰৰ বোজা অদূৰ ভবিষ্যতে সৰ্বসাধাৰণ ৰাইজৰ বাবে অসহনীয় হৈ পৰিব,ফলত মূল্যবৃদ্ধিয়ে অৰ্থনীতি কোঙা কৰি পেলাব | তাতে ভূতৰ ওপৰত দানহ পৰা দি কেন্দ্ৰৰ মোডী চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তন কৰি অৰ্থনীতি অধিক বিপন্ন কৰি তুলিছে|




জাতি- মাটি- ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি অসাৰ:

ক) অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰি অসমৰ খিলঞ্জীয়া জনসাধৰণক সাংবিধানিক ৰক্ষা কবচ প্ৰদান কৰাৰ বিজেপি দলৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হৈছে| চৰকাৰখনে বিগত সাতবছৰীয়া কাৰ্যকালত বিদেশী চিনান্তকৰণ আৰু বহিস্কৰণত চূড়ান্ত ভাবে ব্যৰ্থ হৈছে, শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুতিৰ কামত হেঙাৰ হৈ থিয় দিছে,নাগৰিকপঞ্জীয়ে চিনাক্ত কৰা 19 লাখ বিদেশীক ৰাজনৈতিক কাৰণত সুৰক্ষা দিছে,সৰ্বোপৰি অসম চুক্তিত উল্লিখিত 1971 চনৰ ভিত্তিবৰ্ষ উলংঘা কৰি নাগৰিকত্ব সংশোধনী আইন (CAA) ৰ জৰিয়তে ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব দিব বিচাৰিছে বিজেপি চৰকাৰে| কা আইনে অসমৰ ভাষা,সংস্কৃতি,কৃষ্টি প্ৰতি চূড়ান্ত ভাবুকি কঢ়িয়াই অনাৰ পিচত বিজেপি দলে নিজকে খিলঞ্জীয়া হিতৈষী বুলি দম্ভালি মৰাৰ অধিকাৰ হেৰুৱাই পেলাইছে|

খ) "কা"সংসদত গৃহীত কৰাৰ সময়ত ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসম চুক্তিৰ ছয় নং দফা আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি দিছিল| তাৰ বাবে ন্যায়াধীশ বিপ্লব শৰ্মাৰ নেতৃত্বত কমিটি গঠন কৰি দিয়া হৈছিল আৰু সেই কমিটিয়ে 2021 চনৰ ফেব্ৰুৱাৰী মাহতে প্ৰতিবেদন দাখিল কৰিছিল,অথচ আজিকোপতি প্ৰতিবেদনৰ ওপৰত কোনো কাৰ্যকৰী ব্যবস্থা গ্ৰহণ কৰা নহল|


ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত ৰামঠগণ:

ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে 2019 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বঙাইগাৱৰ জনসভাত ঘোষণা কৰিছিল চৰকাৰ গঠনৰ তিনিমাহৰ ভিতৰত অসমৰ ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰা হব| তাৰ বাবে ৰাজ্য চৰকাৰে এখন মন্ত্ৰীগোটৰ কমিটি বনাই দিলে যাতে বৰ্তমানৰ জনজাতিসমূহৰ সুবিধা বিঘ্নিত নকৰাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা যায়| বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত সেই সময়ৰ মন্ত্ৰীগোটে কেন্দ্ৰলৈ কোনো প্ৰতিবেদনেই প্ৰেৰণ নকৰি ছয় জনগোষ্ঠীক চূড়ান্ত প্ৰতাৰণা কৰিলে|ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে হিমাচল,মধ্যপ্ৰদেশ,ৰাজস্থান আদিৰ 14 টাকৈ জনগোষ্ঠীক নতুনকৈ জনজাতিৰ মৰ্যদা প্ৰদান কৰিলে,মাথো বঞ্চিত কৰা হল অসমৰ ছটাকৈ জনগোষ্ঠীক|




নিবনুৱা সমস্যা সমাধানত চূড়ান্ত বৰ্থতা :

ক) 2016 চনৰ দৃষ্টিপত্ৰত বিজেপিয়ে ৰাজ্যৰ 23 লাখ নিবনুবাক সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল|তাৰ লগতে অসম লোক সেৱা আয়োগক নিকা আৰু স্বচ্ছভাবে পুনৰ গঠন কৰি বক্ৰপথেদি চাকৰি দিয়া সকলক উচিত শাস্তিৰ প্ৰতিশ্ৰতি দিছিল| 2021 চনৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বছৰে 1 লাখ নিবনুবাক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল| অথচ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে দিয়া তথ্যমতে 2023 চনৰ 26 মে পৰ্যন্ত সৰ্বমুঠ নিযুক্তি হবগৈ 81 হাজাৰ মাত্ৰ| তদুপৰি অভাৰলেপিং, মাৰ্ক তালিকা প্ৰকাশ নকৰা,উত্তৰ পত্ৰ প্ৰকাশ নকৰা আদি সন্দেহজনক বিষয়সমূহ আছেই| ইয়াৰ দ্বাৰা বছৰি 1লাখ স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰতিশ্ৰুতিটো যে নিৰ্বাচনী চমকহে আছিল সেইকথা জলজলপটপটকৈ প্ৰতীয়মান হৈছে|

খ) অসম লোকসেৱা আয়োগৰ নিযুক্তি সংক্ৰান্তীয় দুৰ্নীতিৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লব শৰ্মা কমিটিৰ প্ৰতিবেদন ডেৰ বছৰ ধৰি গাপ দিয়াৰ চেষ্টা কৰি আছে ৰাজ্য চৰকাৰে|তাৰ বিপৰীতে বক্ৰ পথেদি বাচনিভুক্ত প্ৰশাসনিক আৰু পুলিচ বিষয়াক এডিচি আৰু এ এচ পি পৰ্যন্ত পদোন্নতি দিয়াত তদন্ত আৰু ন্যায়ৰ সম্ভাবনা টুটি আহিছে| নিকা আৰু স্বচ্ছ নিযুক্তিৰ বিজেপি দলৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হৈছে|

গ) 2022-23 বৰ্ষৰ নিয়োগ সঞ্চালকালয়ৰ তথ্যমতে ৰাজ্যখনত 2021 চনৰ ছেপ্তেম্বৰ মাহ পৰ্যন্ত 22 লাখ 125 গৰাকী নিবনুবা আছে |অথচ এই বৃহৎ সংখ্যক নিবনুবাৰ আত্মনিয়োজনৰ বাবে কাৰ্যকৰী ব্যবস্থা গ্ৰহণত চূড়ান্তভাবে ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত নিবনুবাৰ সংখ্যা 12 লাখ বুলিহে প্ৰকাশ কৰিছে| স্বয়ম আচনিৰ নামত ভোকোভাওনা আৰু অঙহী-বঙহীৰ পকেট গৰম কৰিছে শাসনাধিস্থ বিজেপি দলে|


দুৰ্নীতি নিবাৰণত চূড়ান্ত ব্যৰ্থ চৰকাৰ:

ক)বিজেপি দলৰ দুৰ্নীতিমুক্ত অসমৰ প্ৰতিশ্ৰুতিটো প্ৰবঞ্চনাহে আছিল সেয়া প্ৰশাসনিক কাম কাজ সমূহত পৰিস্ফুট হৈ পৰিছে| ভূমি সংক্ৰান্তীয় দুৰ্নীতি নিবাৰণৰ বাবে মিছন বসুন্ধৰা নামেৰে যি আচনি প্ৰবৰ্তন কৰা হল সি কাগজে কলমেহে থাকি গল| কেইজনমান দুৰ্নীতিগ্ৰস্ত মণ্ডল আৰু মাটি দালালক গ্ৰেপ্তাৰ কৰি যে ভূমিৰ নিচিনা জটিল সমস্যাটো সমাধান কৰিব পৰা নাযায় সি ইতিমধ্যে প্ৰমাণিত হৈছে|খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ 29 বিঘাৰো অধিক ভূমি কেলেংকাৰীৰ তথ্য সবিস্তাৰে প্ৰকাশিত হৈছে...শাসনাধিস্থ দলৰ বহু নেতা বিধায়ক ভূমি সংক্ৰান্তীয় বেমেজালিত জড়িত হৈ থকাটো প্ৰমাণিত হৈছে|

খ)কথাই প্ৰতি গৃহ নিৰ্মাণৰ বিধি সমূহৰ দোহাই দিয়া গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালৰ পুত্ৰৰ মালিকানাধীন প্ৰতিষ্ঠানে সকলো নীতি নিয়মক বৃদ্ধঅংগুষ্ঠ প্ৰদৰ্শন কৰি মহানগৰীৰ অনিল নগৰত 16 মহলীয়া অট্টালিকা নিৰ্মাণ কৰি আছে আৰু তাক 22 মহলীয়া কৰাৰ পৰিকল্পনা কৰিছে|অথচ গৃহ নিৰ্মাণৰ বিধিসমূহৰ দোহাই দি চৰকাৰখনে সৰ্বসাধাৰণ ৰাইজৰ ঘৰ, অনুষ্ঠান আদিত নিৰ্বিচাৰে বুলডোজাৰ চলাই গৈছে|

মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক:

অত্যাবশ্যকীয় আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰী সমূহৰ মূল্য নিয়ন্ত্ৰণৰ দিশত চূড়ান্তভাবে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ|চাউল,দাইল,মিঠাতেল,আটা,চেনি,নিমখৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ, জীৱনদায়িনী ঔষধ লৈকে 100 শতাংশ পৰ্যন্ত মূল্য বৃদ্ধি হৈছে,সাধাৰণ মানুহে ত্ৰাহি ত্ৰাহি কৰিবলগীয়া এই পৰিস্থিতিত খাদ্য আৰু অসামৰিক যোগান বিভাগ অস্তিত্বহীন হৈ পৰিছে|বণিক গোষ্ঠীৰ পৰা শাসক গোষ্ঠীয়ে অবাধ হাৰত নিৰ্বাচনী পুজি সংগ্ৰহৰ ফলতেই জনসাধাৰণে এইদৰে দুৰ্ভোগ ভূগিবলগীয়া হৈছে|



ধ্বংসমুখী চৰকাৰী শিক্ষা ব্যবস্থা:

ক) বিগত 7 বছৰীয়া কাৰ্যকালত চৰকাৰী শিক্ষা ব্যৱস্থাৰ স্মাশানমুখী যাত্ৰা আৰম্ভ হৈছে| বিশেষকৈ কৰোণাই বিধ্বস্ত কৰা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাক পুনৰোজ্জীবিত কৰিবলৈ কোনো কাৰ্যকৰী ব্যবস্থা বিগত দুটা বছৰত গ্ৰহণ নকৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে|ইয়াৰ বিপৰীতে খোদ মুখ্যমন্ত্ৰীৰ পৰিয়ালে আৰম্ভ কৰিলে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ৰমৰমীয়া ব্যবসায়|

খ)মেট্ৰিকৰ নিচিনা শিক্ষা জীবনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ পাতলীয়া মনোভাবৰ বাবে প্ৰশ্নকাকত ফাদিলৰ ইতিহাস ৰচিলে মাধ্যমিক শিক্ষা ব'ৰ্ড ছেবাই| সেইবোৰ দেখি শুনি চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰমাগতভাবে হ্ৰাস পাই আহিছে, বিপৰীতে চৰকাৰে ব্যয়বহুল ব্যক্তিগত খণ্ডক বৰপীৰা পাৰি দিয়া পৰিলক্ষিত হৈছে|

গ)ৰাজ্যৰ সকলো ভেন্সাৰ স্কুল প্ৰাদেশীকৃত কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শেহতীয়াকৈ 7 সহস্ৰাধিক ভেন্সাৰ স্কুলৰ স্বীকৃতি বাতিল কৰিলে| মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ ন্যূনতম মাননিখিনিও 14 মাহে আদায় দিব পৰা নাই বিলাসিতাৰ ইতিহাস ৰচা শৰ্মা চৰকাৰে|

ঘ) আজিকোপতি প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষক নিযুক্তি দিব পৰা নাই বিজেপি চৰকাৰে| বিশেষ টেট উত্তীৰ্ণ সকলৰ চাকৰি আজিও হাইকোৰ্টত ওলমি আছে|


পানী যোগানত ব্যৰ্থ:

জলজীবন মিছনৰ অধীনত 2024ৰ ভিতৰত ঘৰে ঘৰে নলেৰে পানী অসমত এক শ্লোগানতহে পৰিণত হৈছে|আটাইতকৈ বেছি পানীৰ সংকটত ভোগা ৰাজধানী মহানগৰীৰ চাৰিটাকৈ পানী যোগান প্ৰকল্প আজিকোপতি কাৰ্যকৰী নহল , মহানাগৰিকৰ বাবে চৰকাৰী বিশুদ্ধ পানী এক দুস্বপ্নত পৰিণত হৈছে যত 12 হাজাৰ টকাকৈ জমা দিও এটোপাল পানী নাপালে ভুক্তভোগী ৰাইজে| 2009 চনতে আৰম্ভ কৰা গেমনৰ সদিলাপুৰস্থিত চাউথ ৱেষ্ট গুৱাহাটী পানী প্ৰকল্পৰ ম্যাদ কেইবাবাৰো বৃদ্ধি কৰাৰ পিচতো সম্পূৰ্ণ কৰিব নোৱাৰিলে অথচ ঠিকাৰ ধন সম্পূৰ্ণ উলিয়াই লৈ গুচি গল গেমন ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৱে|জাইকা পানী যোগান প্ৰকল্পতো তথৈবচ অৱস্থা ,যাৰ ফলত আমোলা বিষয়াসকলৰ প্ৰতি সন্দিহান হৈ উঠিছে সৰ্বসাধাৰণ ৰাইজ|একবিংশ শতিকাৰ তৃতীয় দশকত এটোপাল পানীৰ বাবে হাহাকাৰ কৰি থকা ৰাজধানীখনক স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলাৰ বিজেপি চৰকাৰৰ প্ৰতিশ্ৰতিয়ে হাহিৰ খোৰাকহে যোগাইছে|


শক্তিখণ্ড আৰু উদ্যোগ খণ্ডত স্বাবলম্বী নহল অসম:

ক)বিজেপি দলৰ দৃষ্টিপত্ৰত 24 ঘন্টাই প্ৰতিখন ঘৰলৈ সুলভ বিজুলী যোগানৰ উল্লেখ আছিল| পিছে সুলভ বিজুলী দিবলৈ শক্তিখণ্ডত যি আত্মনিৰ্ভৰশীলতাৰ সৃষ্টি কৰিব লাগিছিল এই দিশত সম্পূৰ্ণ বিফল হৈছে ৰাজ্যৰ শক্তি বিভাগ|যিসময়ত ৰাজ্যখনক 2000 মেগাৱাট বিদ্যুতৰ প্ৰয়োজন তেনেসময়ত APGCLৰ অধীনত মাথো 350 মেগাৱাট মান বিদ্যুতহে উৎপাদন হয় বাকীখিনি উচ্চ নিৰিখত শক্তিবিভাগে ক্ৰয় কৰিবলগীয়া হয়| যাৰফলত দিনে দিনে বিদ্যুত মাচুল বৃদ্ধি কৰি গৈছে অসম বিদ্যুত বিতাৰক কোম্পানী লিমিটেড চমুকৈ APDCLয়ে|তাতে ভূতৰ ওপৰত দানহ পৰাদি প্ৰিপেইড স্মাৰ্টমিটাৰ সমূহে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ উপভোক্তা ৰাইজক|

খ) শক্তিখণ্ডৰ ব্যৰ্থতাই পোনপটীয়া প্ৰভাৱ পেলাইছে ৰাজ্যৰ উদ্যোগখণ্ডত| বিগত 7 টা বছৰত ৰাজহুৱা উদ্যোগখণ্ডৰ মৃত্যুমুখী যাত্ৰা আৰম্ভ হল| জাগিৰোড আৰু কাছাৰ কাগজ কল পুনৰোজ্জীবিত কৰিবলৈ ধনৰ অভাব ঘটিল কেবিনেট বৈঠকৰ নামত কৌটি কৌটি টকাৰ শৰাধ কৰা ৰাজ্য চৰকাৰখনৰ|এডভান্টেজ আসামৰ জৰিয়তে 67 হাজাৰ কোটি টকাৰ বিনিয়োগ হব বুলি কৰা উদ্যোগ বিভাগৰ দাবী সময়ত মিথ্যা প্ৰমাণিত হল|একেদৰে নমামি ব্ৰহ্মপুত্ৰ অনুষ্ঠানৰ জৰিয়তে ৰাজকোষৰ ধন শৰাধ কৰি টুৰিজিম উদ্যোগৰ প্ৰমোচন হব বুলি প্ৰচাৰ চলোৱা হৈছিল যদিও আজিকোপতি প্ৰচুৰ সম্ভাবনা থকা টুৰিজিম উদ্যোগৰ কোনো চকুতলগা উন্নতি সাধিত নহল|


বৰাকৰ উন্নয়নত উদাসীন চৰকাৰ:

ৰাজনৈতিক ইতিহাসে কয় অসমত বিজেপিৰ প্ৰবেশ বৰাক উপত্যকাৰেই হৈছিল| কিন্তু চৰম পৰিতাপৰ বিষয় সেই বৰাকক আজি মাহী আইৰ দৃষ্টিৰে চাইছে খোদ বিজেপি চৰকাৰে|এটা সময় আছিল বিজেপিৰ 90 শতাংশ বিধায়ক বৰাকৰ পৰা নিৰ্বাচিত হৈ আহিছিল,কিন্তু সময় ইমানেই নিষ্ঠুৰ যে সেই বৰাকক আজি পাহৰিবলৈ লৈছে বিজেপিয়ে|দৃষ্টিপত্ৰত উল্লেখ কৰা ধৰণে আজি বৰাকত হব লাগি়ছিল নিজা সচিবালয়, হব লাগিছিল ব্ৰহ্মপুত্ৰ বোৰ্ডৰ লেখীয়া সুকীয়া বৰাক বোৰ্ড| কিন্তু 7 বছৰত তাৰ নাম গোন্ধ নাই,আনকি সকলো বতৰতে যোগাযোগ বিঘ্নিত নহব পৰাকৈ পথ আৰু দলং নিৰ্মাণৰ কামো আজিকোপতি সম্পূৰ্ণ নহল| নামমাত্ৰ এজন শক্তিহীন মন্ত্ৰী দি বৰাকৰ প্ৰতি দায়িত্ব সামৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে|

বড়োভূমিৰ সমস্যাৰ নহল সমাধান:

বিটিআৰ চুক্তিৰে বড়োভূমিৰ সমস্যাৰ স্থায়ী সমাধানৰ আশা কৰা হৈছিল|বিশেষকৈ অঞ্চলটোৰ সীমামূৰীয়া অনাবড়ো অধ্যুষিত গাওসমূহ বিটিচিৰ পৰা কৰ্তনৰ দাবী আছিল দীৰ্ঘদিনীয়া| 2020 চনৰ প্ৰথম ভাগতে বিটিআৰ চুক্তিৰ ভিত্তিত 3 জনীয়া পি পি বাৰ্মা আয়োগ গঠন কৰি উক্ত গাওসমূহ চিনাক্ত কৰি কৰ্তনৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে| কিন্তু চৰম পৰিতাপৰ বিষয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দায়িত্ব লোৱাৰ পিচতে নিস্ক্ৰিয় হৈ গল পি পি বাৰ্মা আয়োগ,কাৰ্যত: সমস্যাৰ সমাধানো সূদূৰ পৰাহত হৈ ৰল|


সীমা সমস্যা সমাধানৰ নামত নাটক:

হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত মিজোৰাম সীমান্তত 6 জনকৈ অসম পুলিচৰ জোৱান শ্বহীদ হবলগীয়া হৈছিল|নাগালেণ্ড সীমান্তৰ মেৰাপানীত খোদ অসমৰ বিধায়কজনলৈ কেইবাজাই গুলিৰে আক্ৰমণ কৰা হৈছিল|মেঘালয় আৰু অৰুণাচল সীমান্তত গুলিচালনা,বেদখল নিত্ত নৈমত্তিক ঘটনাত পৰিণত হৈছে|নেডাৰ আহ্বায়কৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ কৰ্তৃত্ব জাহিৰ কৰিবলৈ সীমা সমস্যা সমাধানৰ বাবে চুবুৰীয়া ৰাজ্য সমূহৰ লগত মন্ত্ৰীগোটৰ সমিতি বনাই দিছে..ইয়াৰে অৰুণাচল প্ৰদেশৰ লগত 2022 চনৰ জুলাই মাহত নামচাই চুক্তি আৰু 2023 চনৰ 20 এপ্ৰিলত নতুন দিল্লী চুক্তিত চহী কৰা হল,অথচ বিবাদমান 123 খন গাওৰ 71 খনৰ ওপৰতহে চুক্তি কৰা হল|এই গাওসমূহৰ ভিতৰত আকৌ 60 খনেই অৰুণাচল প্ৰদেশক এৰি দিয়া হল| ইমানৰো পিচতো লখিমপুৰ জিলাৰ সীমান্তত গুলিচালনা,সংঘৰ্ষ,বেদখলে তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু চুক্তিৰ এসপ্তাহৰ ভিতৰতেই তাক ভংগ কৰা হৈছে|নাগালেণ্ডৰ নাগৰিক সমাজে অসমৰ লগত সীমা চুক্তি নকৰিবলৈ নাগালেণ্ড চৰকাৰক সকীয়াই দিছেআৰু মৰিয়ণি ৰেল স্টেচন পৰ্যন্ত নিজৰ বুলি দাবী কৰিছে|মেঘালয় আৰু মিজোৰামৰ বেলিকাও পৰিস্থিতি তথৈবচ,কাগজে পত্ৰই কৰা চুক্তি আৰু ফুলজাৰি মৰা কথাৰে এই জটিল সমস্যাটোৰ যে সমাধান নহয় তাক বুজিবলৈ ৰাজনীতিৰ তথাকথিত চাণক্য হিমন্ত শৰ্মা এতিয়াও সমৰ্থ হোৱা নাই|



গ্ৰামোন্নয়নৰ আচনি ৰূপায়ণত হেমাহি:

ক) 2022 চনৰ ভিতৰত সকলোৰে বাবে ঘৰ বিজেপি চৰকাৰৰ এক অভিলাষী আচনি আছিল|কিন্তু এই আচনি 2024 চনলৈও সম্পূৰ্ণ হোবাৰ আশা নাইকিয়া হৈছে| প্ৰধানমন্ত্ৰী আবাস যোজনাৰ তৃতীয় কিস্তিৰ ধন বিভিন্ন স্থানত হিতাধিকাৰীৰ একাউন্টত নোসোমাল,গৃহ নিৰ্মাণৰ নামটো সংঘটিত হল গুৰুতৰ বিসংগতি|

খ) বিজেপি চৰকাৰে ব্যাপক ঢাক ঢোল বজাই প্ৰদান কৰা কৃষক সন্মান নিধিৰ ধন অসমত ব্যাপক খেলিমেলিৰে অকৃষকৰ একাউন্টতহে সোমাল|গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ দিশত গুৰুত্বপূৰ্ণ বিবেচিত এমজিএনৰেগা আচনি অসমত কাৰ্যত বন্ধ হৈ পৰিছে|

গ) বিগত 14 মাহে পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি সকলক নূন্যতম পাৰিতোষিক দিব পৰা নাই চৰকাৰে| নিযুক্তিপ্ৰাপ্ত অভিযন্তাসকলে স্থায়ীভাবে দৰমহা নোপোৱাত চাকৰি এৰি অন্য বিভাগলৈ হৈছে,ফলত কাৰ্যত: অভিযন্তা শূন্য হবলৈ গৈ আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ|


কৃষিত ব্যাপক দুৰ্নীতি, কৃষকৰ আয় নহল দুগুণ:

ক)কৃষি নিৰ্ভৰ ৰাজ্য অসমৰ বাবে বিজেপিৰ ভিজন ডক্যুমেন্ট এক সপোনত বাদে আন একো নহয়|কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি আজি অসাৰ প্ৰতিপন্ন হৈছে| ধানৰ ন্যূনতম সমৰ্থন মূল্য ঘোষণাৰ পিচতো ধান ক্ৰয় কেন্দ্ৰলৈ সৰ্বসাধাৰণ কৃষকৰ শস্য গৈ পাবলৈ সমৰ্থ নহল|জিলাই জিলাই এটা মাত্ৰ ধান ক্ৰয় কেন্দ্ৰ দিয়েই দায়িত্ব সামৰিলে ৰাজ্য চৰকাৰে অথচ ধান কঢ়িয়াবলৈ কৃষকক দিয়া নহল সুচল পৰিবহন সুবিধা|

খ)শীতলগৃহৰ প্ৰতিশ্ৰুতিও ঘোষণাতেই সীমাবদ্ধ থাকিল|

গ) জলসিঞ্চন বিভাগ বগাহাতীত পৰিণত হল|বিগত দুটা বৰ্ষত খৰাং সদৃশ পৰিবেশে কৃষকক মাধমাৰ সোধালে|চৰকাৰৰ সৌৰচালিত জলসিঞ্চন আচনি ধনসিঞ্চনত পৰিণত হল|

ঘ)ৰাজসাহায্যযুক্ত কৃষি সামগ্ৰী,ট্ৰেক্টৰ,বীজ,সাৰ বিতৰণ আৰু ক্ৰয় কৰাৰ বেলিকাও অবাধ দুৰ্নীতি সংঘটিত হল যত সুবিধা পালে মাত্ৰ শাসকগোস্থীৰ দলীয় বিষয়ববীয়া সকলে|


মাদক দ্ৰব্যৰ অবাধ প্ৰচলনে দূষিত কৰিলে সমাজ:

এফালে ড্ৰাগচ সৰবৰাহকাৰী সকলৰ বিৰুদ্ধে ধাৰাবাবিক অভিযান চলাই চমক দিয়াৰ চেষ্টা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই,আনফালে গাও ভূইত অবাধ সুৰাৰ বিপনী খুলি সমাজ কলুষিত কৰিলে খোদ ৰাজ্যৰ মুৰব্বীজনে | চুলাই মদো মুকলিকৈ বিক্ৰী কৰিবলৈ অনুমতি দি নিৰ্লজতাৰ সীমা চেৰালে মদৰ টকাৰে ৰাজহ বৃদ্ধি কৰাৰ সপোন দেখা ৰাজ্য চৰকাৰখনে|ফলত সামাজিক অপৰাধ,যৌন অপৰাধ,মহিলা জনিত অপৰাধকে ধৰি সমাজ প্ৰদূষিত কৰা ঘটনা উদ্বেগজনকভাবে বৃদ্ধি পালে ৰাজ্যখনত| বিগত সময়ত ৰাজ্য খনত সংঘটিত কেইবাটাও নাবালিকা ধৰ্ষণ ,হত্যা মাদক দ্ৰব্যৰ অবাধ প্ৰচলনৰে কুপৰিণতি ৰূপে পৰিগণিত হৈছে|


বানমুক্ত অসমৰ ফোপোলা প্ৰতিশ্ৰুতি :

ক)বিজেপি দলৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি যে এক প্ৰহসনহে আছিল সময়ৰ লগে লগে সেই কথা পৰিস্কাৰ হৈ পৰিছে| ব্ৰহ্মপুত্ৰ খননৰ অভিলাসী আচনি খন বাস্তবত যে পৰিকল্পনাবিহীন এক নিৰ্বাচনী জুমলাহে আছিল সেয়া আজি জলজল পটপট হৈ পৰিছে|ঠিক একেদৰে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণো সহজ সৰল অসমীয়া মানুহক ঠগাৰ কৌশলহে আছিল মাত্ৰ|

খ)নদী উপনদী সমূহত মাইক্ৰ ডেম বা লঘূ উচ্চতাৰ বান্ধ নিৰ্মাণ কৰি বিদ্যুত উৎপাদন কৰাৰ লগতে বান নিয়ন্ত্ৰণ কৰা হব বুলি জনগণক মিছা প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে,কিয়নো বিগত 7 টা বছৰত তেনে কোনো প্ৰজেক্টৰ কথা বাজেটকে ধৰি কতো উল্লেখ নহল|বিপৰীতে নামনি সোৱণশিৰি নদীবান্ধৰ কাম নিৰ্বিঘ্নে আগবাঢ়িল যিটো আছিল,বিজেপি দলৰ ঘোষিত নীতিৰ পৰা প্ৰচণ্ড ইউ টাৰ্ণ |

গ) মহানগৰীৰ কৃ্ত্ৰিম বানপানী সমস্যাৰ কোনো কাৰ্যকৰী সমাধান কৰিব নোৱাৰিলে 7 বছৰীয়া বিজেপি চৰকাৰে|

ঘ)মথাউৰি সমূহৰ মেৰামতি আৰু গৰাখহনীয়া প্ৰতিৰোধৰ দিশত সাত বছৰত কোনো স্থায়ী উচ্চপ্ৰযুক্তিসম্পন্ন প্ৰকল্প গ্ৰহণ কৰা নহল|


এনকাউন্টাৰ, ন্যায় ব্যবস্থাৰ প্ৰতি ভাবুকি:

বিজেপি চৰকাৰৰ বিগত দুটা বছৰৰ আটাইতকৈ মাৰাত্মক ব্যাধিটো হল এনকাউন্টাৰ অথবা extra judicial killing যাক নব্বৈৰ দশকৰ গুপ্ত হত্যাৰ লগত ৰিজাব পাৰি| নব্বৈৰ দশকত গুপ্তঘাতকে সৃষ্টি কৰা সন্ত্ৰাসকো চেৰ পেলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনকাউন্টাৰ ব্যবস্থাই| বিগত দুটা বছৰত 138 টা এনে এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে যত পুলিচৰ গুলিচালনাত 26 জন লোক নিহত আৰু 120 জন গুৰুতৰ ভাবে আহত হৈছে|একাংশ সাধাৰণ জনতাই কিছু সংখ্যক ঘটনাৰ সময়ত এনে এনকাউন্টাৰক আবেগিকভাবে সমৰ্থন জনালেও ই আমাৰ সংবিধান প্ৰদত্ত ন্যায় ব্যবস্থাৰ প্ৰতি এক ভাবুকি স্বৰূপ হৈ পৰিছে|আনহাতে এনকাউন্টাৰৰ নামত চৰকাৰ এখনে এক বিশেষ শ্ৰেণীক অথবা ৰাজনৈতিক প্ৰতিদন্দ্বীসকলক টাৰ্গেট কৰাৰ প্ৰৱণতাই ইয়াক অধিক ভয়ংকৰ কৰি তুলিছে|


মন্ত্ৰীসকল হ'ল নিধিৰাম চৰ্দাৰ:

ভাৰতবৰ্ষৰ সংসদীয় পৰম্পৰাৰ প্ৰতিনিধিত্বমূলক চৰকাৰৰ ধাৰণাটোক সম্পূৰ্ণৰূপে নাকচ কৰি একনায়কৰ দৰে বিগত দুটা বছৰ শাসন চলাইছে হিমন্ত বিশ্ব শৰ্মাই|14 গৰাকী মন্ত্ৰীৰ গৰিষ্ঠ সংখ্যককে বিভাগ চলাবলৈ প্ৰয়োজনীয় কৰ্তৃত্ব নিদি শাসনৰ বাঘজৰী হাতৰ মুঠিত ৰাখি একপ্ৰকাৰ মন্ত্ৰীসকলক ঢাল তৰোৱালবিহীন নিধিৰাম চৰ্দাৰত পৰিণত কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই|তাৰ প্ৰতিফলন প্ৰতিটো বিভাগৰ কাম কাজত পৰিস্ফূট হৈছে,জনসাধাৰণে তাৰ দুৰ্ভোগ ভুগিছে|বহু বিভাগ অস্থায়ী কৰ্মচাৰীৰে কলঢপ কলঢপকৈ জীয়াই আছে,নূন্যতম পাৰিতোষিক খিনিও লাভ কৰা নাই বহু বিভাগৰ কৰ্মচাৰীয়ে|এককথাত চৰকাখন one man armyত পৰিণত হৈছে|


বিলাসিতাৰ সীমা চেৰাই গৈছে শৰ্মা চৰকাৰে:

যিসময়ত ৰাজ্য চৰকাৰখনে মুঠ বছৰেকীয়া ব্যয়ৰ 27 শতাংশহে অসম চৰকাৰৰ নিজা উৎসৰ পৰা আয় কৰি আছে,তেনে সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিলাসিতাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে|খোদ কামৰূপ জিলাৰ ভিতৰত বিচৰণ কৰিবলৈও মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যৱহাৰ কৰিছে ভাড়াতীয়া হেলিকপ্টাৰ, ৰাজ্যৰ বাহিৰলৈ যাবলৈ সদায় ব্যবহাৰ কৰিছে চাৰ্টাড বিমান| জিলা সদৰসমূহত কেবিনেট বৈঠক পাতি ৰাইজৰ মাজলৈ চৰকাৰখনক লৈ যোৱাৰ অজুহাত দেখুৱাই ব্যয় কৰিছে ৰাজকোষৰ কৌটি কৌটি টকা...কেবল কেবিনেট বৈঠকৰ ভোজভাতৰ নামত কেবা কোটি টকা উৰুৱাই দিয়া হৈছে|বিগত বৰ্ষত চৰকাৰে বিধানসভাত দিয়া তথ্য মতে হাফলঙত কেবিনেট বৈঠক পাতোতে 1কোটি 13 লাখ 92 হাজাৰ টকা ব্যয় কৰিছিল ৰাজ্য চৰকাৰে|ইমানেই নহয় মুখ্যমন্ত্ৰীয়ে পাৰিবাৰিক কামকাজ,উৎসব পাৰ্বণত যাবলৈও চৰকাৰী খৰচত হেলিকপ্টাৰ ব্যবহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে|


বিপন্ন অৰ্থনীতিৰ মাজতেই হিতাধিকাৰীৰ অভিলেখ:

কল্যাণকামী চৰকাৰ এখনে হিতাধিকাৰী সৃষ্টি কৰাটো দোষণীয় হ'ব নোৱাৰে|পিচে জনমূৰি ধাৰৰ বোজাই 40 হাজাৰ টকা চুই যোৱাৰ সময়ত কেবল নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ হিতাধিকাৰীৰ অভিলেখ ৰচিছে বিজেপি চৰকাৰে|অৰুণোদয় আচনিত 27 লাখ,বৃদ্ধ বিধবা পেঞ্চন আচনিত 40 লাখ,আয়ুস্মান যোজনাত 27 লাখ,আত্মসহায়ক গোটৰ 39 লাখ, বিনামূলীয়া ৰেচনৰ 40 লাখকে ধৰি অসমত বৰ্তমান 2 কোটিৰো অধিক হিকাধিকাৰী আছে যত ৰাজ্যখনৰ মুঠ ভোটাৰৰ সংখ্যাই হৈছে 2 কোটি 42 লাখ| ৰাজ্য চৰকাৰে 900 কোটি টকাৰ ঘাটি বাজেট দাখিল কৰাৰ সময়ত 80 শতাংশ ভোটাৰক হিতাধিকাৰী সজাই অৰ্থনীতি কোঙা কৰাৰ পথ প্ৰশস্ত কৰিছে হিমন্ত চৰকাৰে|


চাহ জনগোষ্ঠী আদিবাসী সম্প্ৰদায়ক বঞ্চনা:

ক) 2016 চনত বাগানৰ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা কৰাৰ প্ৰতিশ্ৰুতিৰে বিজেপি দলে 60 লাখ চাহ জনগোষ্ঠীৰ অকুন্ঠ সমৰ্থন লাভ কৰিছিল|কিন্তু 2023 চনৰ এপ্ৰিল মাহ পৰ্যন্ত উজনি অসমৰ বাগানৰ শ্ৰমিকে লাভ কৰি আছে দৈনিক 232 টকা আৰু বৰাকৰ শ্ৰমিকে লাভ কৰি আছে 205 টকা,ইয়াৰ বিপৰীতে চুবুৰীয়া বংগত বাগানৰ শ্ৰমিকে লাভ কৰি আছে 250 টকাকৈ মজুৰি| অৰ্থাৎ

ভিজন ডক্যুমেন্টৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হৈ পৰিছে|

খ) বিগত 150/200 বছৰে বাগানৰ লাইনত বাস কৰি অহা শ্ৰমিকসকলক মাটিৰ পট্টা নিদিলে অসম চৰকাৰে| স্বাস্থ্য বিভাগৰ নূন্যতম সা-সুবিধাৰ পৰাও বঞ্চিত 60 লাখ চাহ জনগোষ্ঠীৰ লোক|

গ) বাগিচাৰ লাইনত থকা 400 প্ৰাথমিক বিদ্যালয় আজিকোপতি প্ৰাদেশীকৰণ নকৰিলে অসম চৰকাৰে| বাগিচাৰ লাইনত পথ নিৰ্মাণৰ বাবে চৰকাৰে দিয়া 1 কোটিকৈ টকাৰো সদ্ব্যবহাৰ নহল কিয়নো পথ নিৰ্মাণ কৰোতে নলাৰ ব্যবস্থা নকৰাত অস্বাস্থ্যকৰ হৈ পৰিল সমগ্ৰ পৰিবেশ|

ঘ) নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে চাহ জনগোষ্ঠী/আদিবাসী লোক সকলক জনজাতিকৰণ প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিলৈকে প্ৰতিশ্ৰুতি পূৰণ নহ'ল।




1,081 views
bottom of page